Sunday 14 December 2014

কিবা যেন নাই নাই

কবিঃ- দূৰ্গেশ্বৰ শৰ্মা

সন্ধিয়াৰ চাকিশাৰী    পুখুৰী পানীত পৰি
দীঘলীয়া নাচিছে
আকাশৰ ভোঁট তৰা       পাৰিষদে বেঢ়ি ধৰা
জিলিকিব লাগিছে;
দীঘল দলটি গৈ       লাহে লাহে সৰু হৈ
আকাশত মিলিছে,
দুখ-শোক আঁতৰাই       মন প্ৰাণ নচুৱাই
জুৰ বায়ু বলিছে।
ইয়াতে সদায় দেখা       দেখিলে মনত থকা
আহিলেই লগ পায়;
মনে মেন ভাল পোৱা      ভাবিলে কেনিবা যোৱা
কিবা যে নাই নাই।

No comments:

Post a Comment