Thursday 18 December 2014

ব'ৰাগী আৰু বীণ


দিন দুপৰত আগ-চোতালত কোনেনো বজাইছে বীণ?
কিনো  গীত গায়, কিনো কথা কয়, উজাৰি লুকুৱা চিন ?
বুজো বুজো কৰোঁ, বুজিব নোৱাৰোঁ, ক'ৰে ঐ বৰাগী তই
কি দুখৰ কথা, কি শোক বাৰতা, কি কৈছ নুবুজো মই ।


সীতা আইৰ বাতৰি যদিহে কৈছ, নকবি আৰু ঐ মোক;
জনম দুখুনী সীতা আই শান্তি, শুনিলে বাঢ়িব শোক।
যদিহে গাইছ নলৰ কাহিনী, নাগাবি  ব`ৰাগী আৰু;
দময়ন্তী দুখে হিয়া ভাঙি দিয়ে, অলপো নেলাগে বাৰু ।

চিন্তা-শ্ৰীবৎস  নাগাবি কহিনী, দ্ৰৌপদীৰ নকবি কথা ;
সতী জয়মতী আয়তী দুখুনীৰ দুখত লাগিব ব্যথা ।
যদিহে গাইছ বদন ফুকনে কেনেকে আনিলে মান;
কেনেকৈ মৰাণে অসম ধ্বংসিলে যদিহে গাইছ গান ;
মণিৰাম পিয়লিৰ মৰণ-বাতৰি যদি তোৰ বীণে বায়--
মানা কৰ তাক ব`ৰাগী ককাই ঐ শোক মাথো উথলায় ।
একণি হৃদয়,এফেৰি সমল, কতনো সহিব খুন্দা !
ভাগি ছিগি যায় অলপ আঘাতে, কিয় তই মোক কন্দা?
বেউলা শান্তিৰ  নুশুনাবি দুখ, চন্দোৰ নকবি কথা !
দুখৰ বোকোচা বব মই নোৱৰোঁ অন্তৰত পাঁও ব্যথা ।

 বিষাদ-বাতৰি কতনো শুনাবি, মনৰ তৰণি নাই;
কাবৌকৈ মাতিছোঁ, ব`ৰাগী ককাই ঐ, বীণে যেন নিবিনায়  ।
শোকৰ সুৰটি নুশুনিও নোৱাৰোঁ, বাঘ মোৰে ধৰে বুকু ।
আঁতৰি যাবৰ শকতি নাপাওঁ , বেজাৰে পীড়িছে বুকু ।

শুন ঐ ব`ৰাগী- আনন্দ কাহিনী, অসমৰ যশ- ৰাশি ;
হিয়া মোৰ হেৰ` বলৱন্ত হোক, পৰাণ উঠক উলাসি ।
বাণ-ভগদত্ত-নৰকাসুৰৰ, ভীষ্মকৰ গুণ গা;
ভাস্কৰবৰ্মাৰ কীৰিতি - সুখ্যাতি শুনো হেৰ বীণ বা ।
পাৰস্য সম্ৰাট আফ্ৰাচিয়াবোৰে যুঁজিলে কেনেকে জনা ;
শঙ্কৰ, মাধৱ কন্দলী সকলে কি কৰিলে বীণ ক !
স্বৰ্গদেৱ ৰুদ্ৰসিংহে কি কৰিলে,ক বীণ, কিয় ৰ ?
বৰদৈচিলা হেন চিলৰায় দেৱানে; নৰনাৰায়ন ৰজা
কি কীৰ্তি ৰাখিলে, গ ঐ ব`ৰাগী, বজা আৰু এবাৰ বজা ।


বজা ঐ ব`ৰাগী, সংসাৰ বিৰাগী সংসাৰৰ গুণ-গান;
সুৱদি শুৱলা ৰেপটোৱে পতি  শীতল হওক   প্ৰাণ ।।
কথাৱি নুবুজোঁ, সুৰটও বুজিছোঁ জন্ম-জন্মান্তৰে শুনা
সি জন্মৰ সোঁৱৰণ সোঁৱৰাইছে, হেৰ আকলুৱা বীণা !
সৰগ-বাতৰি সৰগৰ বীণে অবুজ ভাষাৰে গায় ;
বুজিও নুবুজোঁ বুজিম সকলো তেতিয়া সিপুৰী পাই ।
সৰগৰ পৰা নামি আহি বীণে সৰগ বাতৰি দিলে,
"সৰগ এৰিছা, আকৌ সৰগ পাবাগৈ" বুলি সুৰে বিনায় ;
"সদায় নেথাক প্ৰবাসৰ দুখ" - বীণৰ সুৰে বিনায় ;
আনন্দৰ কণা সৰগৰ পৰা আনি মৰ্ত্যত মোক যোগায় ।


গা বীণ গা, অমৃত সঙ্গীত,শুকানে মেলক কুঁহি;
প্ৰবাস-ভাগৰ আঁতৰি পলাওক, মুখত ওলাওক হাঁহি ।
বীণৰ ব`ৰাগী, বৰাগী নহৱ, দুখীয়া নহৱ তই ।
আনন্দৰ কণা, ৰসৰ নিজৰা, বীণতে বন্ধিছ ঐ !

নমা ঐ, নমা ঐ, আকাশী অমিয়া আকাশী গঙ্গাৰ দৰে ;
দে মোক, দে মোক, ব`ৰাগী ককাই ঐ, পিওঁ মই নিছিগা ধাৰে ।
নতুন প্ৰাণৰ ন ন চকুজুৰি দিপীতই ঢালি দে তাত ;
পুৰণি পৃথিৱী নকৈ চাই লওঁ, হে বীণ এষাৰি মাত ।

1 comment:

  1. কবিতাটোৰ বিষয়ে আলোচনাত্মক প্ৰবন্ধ সংযোগ কৰিব

    ReplyDelete