Thursday 18 December 2014

মালতী

পূবৰে ৰ'দত   চিক্‌মিক্ কৰিছে
লুইতৰ পাৰৰে বেলি;
আকাশত উড়িছে  তেনে চিকেমিকাই
বগলি জাকৰে লালী ,


পাৰৰে কহুঁৱাৰ   ফুলে চিকেমিকাই
পানীতে ফটিকৰ জোল,
মালতীৰ হাঁহিতে    দাঁতে চিকেমিকাই
দেখোঁতেই আমোল মোল ।

লুইতৰ কুঁৱৰী  নহয় ঐ মালতী
নহয় তেঁও ফুলৰে ৰাণী;
আকাশি পোহৰৰ  নহয় তেঁও প্ৰতিমা,
নহয় তেঁও বীণৰে ৰাণী ।

পৰ্বতৰ জীয়ৰী   সুন্দৰী গৌৰী
সাঁচত মোৰ মালতী নাই;
নুশুঙা ফুলটিৰ    নুফুলা কলিটিৰ
মালতীত তুলনা পায় ।

ভাবৰে প্ৰতিমা  ভাবতে বাঢ়িছে
ভাবৰে বেহানি কৰে ;
বুকুৰে ভিতৰত    চেনেহৰ সফুঁৰাত
মালতীৰ চেনেহকণ চৰে ।
চাম মই মালতীক    ওৰে জীৱন জুৰি
থম মোৰ বুকুতে বান্ধি;
মালতীৰ হাঁহিতে     হাঁহিটি মিলাই মই
থাকিম কান্দোনতে কান্দি।

চেনেহৰ মালতীৰ   কোলাত থৈ মূৰটি
মুদিম মই চকুৰে পটা ;
নিষ্ঠুৰ এই জগতৰ     মেলানি মাগি লম
ঢুকাব সকলো কথা ।

No comments:

Post a Comment