Sunday 20 September 2015

পদ্য

(১)
 (জিভা কেঁকুৰি)
বগাকৈ বগলী   বহলাই বহিছে,
    বলুকাত বিয়লি বেলা।


বকুল বাগৰিছে   ববছা বনতে,
    বুটলি বিলাওগৈ ব'লা।




(২)



  পাৰ চৰাই উৰি গৈ
                 পালে নদীৰ পাৰ,
    ঘৰৰ মূধত পৰি থকিল

                গোটেই শুকুৰবাৰ ॥


                  



 (৩)

(জিভা কেঁকুৰি)

হলৌ উঠিল টকৌ গছত 

    লগাই খদৌ মদৌ,
   জৌ জৌ কৈ সৰিল নিয়ঁৰ
     ল জলৌ জপৌ



(৪)

(জিভা কেঁকুৰি)
 
লাও পুলি লৰাই ৰুলোঁ,     

              ৰুলোঁ লৰাই লফা,
 ঘূৰাই ঘূৰাই উৰাই ঘূৰাই    
             তাঘূৰ ঘূৰাই মাথা।


(৫)


এক্কা গাড়ীত উঠি সত্যই 
       দিল্লী চহৰ চালে,
উচ্চ উচ্চ অট্টালিকা
     দেখি চমক খালে।


(৬)



নাৰ বাট পাভ মাছ

     আৰু এটি কাছ 

   বাৰ টকাত কিনি আনি

      কিয় বাৰু নাচ?

(৭)
 জোন বাই এ, - বেজী এটি দিয়া, 
পাত নাই চোত নাই কিহতকৈ দিম?


হালধীয়া চৰায়ে বাওধান খায়
সাউদৰ পুতেকে নাও মেলি যায় ।
না‌ৱে বোলে তুলুং ভুটুং
'ঠাই বোলে বাওঁ,
গধুলিতে গধুলিতে 
দবা কোবাওঁ ।

1 comment: