Friday 25 September 2015

বাসৱ-সভা

কবিঃ- ভোলানাথ দাস


নিস্তব্ধ বাসৱ সভা ।সভাতলে আজি

বসিছে ত্ৰিদিববাসী ত্ৰিদিবেশ সহ

বিমৰ্ষে নীৰৱ হুয়া; নাহি বাক্য মুখে,

কষ্ঠ-পুত্তলিকাগণ বাক্যহীন যথা।

উল্লাস, আনন্দ, নৃত্য, গীত-বাদ্য-ধ্বনি

বৰাজিত যেহি স্থলে-মহোৎসৱে যেন-

অবিৰল, আজি হয় বিৰস সি গৃহ।


নাই নৃত্য নৃত-স্থলে ; মেনকা উর্বশী,

 মিশ্রকেশী, চিত্ৰলেখা, ৰম্ভা, তিলোত্তমা,

 নিৰুপমা, মনোৰম, বিদ্যাধৰীদল

নাই সভা-গৃহে, নৃত্য কৰিবেক কোনে ?

 কোনেবা গাইব গীত, নাই ৰঙ্গস্থলে

সুকণ্ঠ গায়কীবৃন্দ কিন্নৰ-অঙ্গনা।

নাবাজে খঞ্জৰী, তাল, নাবাজে মন্দিৰা ;

নাবাজে বাঁশৰী, বীণা, সুস্বৰী চেতাৰ, .

নীৰৱ অমৰ বাদ্য।

No comments:

Post a Comment