Friday 25 September 2015

মেঘদূত

কবিঃ- সিংহদত্ত দেৱ অধিকাৰী

শুভ সম্ভাষণ মোৰ নৱ জলধৰ !

প্রিয়া-বিৰহ-কাতৰ কুবেৰানুচৰ

যক্ষ মই। হায়, কিনো, দুঃসহ বেদনা !

বন্ধু তুমি সাধু তুমি তোমাৰ কৰুণা

মাগো আজি সকাতৰে । বিৰহিণী প্রিয়া

মোৰ আছে অলকাত যদি আনি দিয়া

কুশল-বাৰতা ! হায় প্রিয়া-অশ্ৰুজল

পূৰ্ণ কৰি অলকাৰ মণি-হৰ্ম্যতল ৷

কৃষ্ণপক্ষ জোনদৰে প্রিয় কিবা মোৰ

আহিব লাগিছে ক্ৰমে ! ই বিৰহ ঘোৰ

কি ৰূপে পৰি ছায়। খন্তেক আঁতৰে

ভূ-লুণ্ঠিতা প্রিয় মোৰ বিৰহ কাতৰে ;

সুদীর্ঘ বৰষ এক হই অদর্শন

কি মতে সহিব হায়! তুমি মহাজন

পৰহিত-ব্ৰতধাৰী, তব অনুগ্রহ

শান্তি-পানী ঢাল, হায় যাতনা দুঃসহ।

No comments:

Post a Comment