Friday 25 September 2015

স্মৃতি



কবিঃ -চন্দ্ৰধৰ বৰুৱা


            পৰে নে মনত সেই ৰিণিকি মনত পৰা

 মলয়া বায়ুৰ দৰে মুকলি মূৰেৰে উড়া;

             চিনা জনা নাই একো,

            দেখা নাই কোনে কাকো,

আপোন মনেৰে দুয়ো আপুনি উমলি ফুৰা



            আছে নে মনত সেই হঠাৎ এদিন গৈ

দেখাদেখি হোৱা কদম তলত সেই,

              চকুত চকুটি পৰি

            আকৌ আহিল ঘূৰি

আছে নে মনত সেই চাবলৈ মন যোৱা ,

হিয়াৰ কথাটি কিবা বেগত সলাই লৈ


            আছে নে মনত সেই চাবলৈ মন যোৱা ,

চল চাই ছেগমাৰি লুকাই লুকাই চোৱা ?

            চাবলৈকে মন যোৱা

            চাবও নোৱাৰা হোৱা,





চকুত পৰিলে চকু ঠাইতে তললৈ চোৱা ?

             আছে নে মনত সেই লাজত ৰঙাটি হোৱা ,

আছে নে মনত সেই ঘনাই উশাহ লোৱা ;

            ঘনে ঘনে লাজ পোৱা,

            আকৌ দুনাই চোৱা ;

দুইৰো দুইকো চাই হেঁপাহ নুগুচা হোৱা ?



             আছে নে মনত সেই দেখি থাকি ভাল পোৱা ,

অলপ নেদেখা হলে থাকিব নোৱাৰা হোৱা , -

            একোতে নপৰে মন,

            কিবা ছাটি ফুটি খন

কিবা বুলি কিবা কৰা ঘনাই বাটলৈ চোৱা ?





            আছে নে মনত সেই কিবা ভাবি ৰ' লগা ,

কিবা ভাবি সেই একেথিৰে চাই থকা।

            আগ নাই গুৰি নাই,

            ভাবোমানে বাঢ়ি যায়,

ভাৱোঁতে ভাবোঁতে সেই বেয়া লাগি ভাল লগা ।



            আছে নে মনত সেই দেখিলে উথলি যোৱা ;

নেলাগে ওলাব বুলি যতনৰে ঢাকি ৰোৱা,

             ৰঙৰ হাঁহিটি সেই

            বিৰিঙি ওলাই গৈ,

লাজ ওৰণীৰে আৰু ঢাকিব নোৱাৰা হোৱা ?



            আছে নে মনত সেই মাতোঁ বুলি আগবঢ়া;

মাতিব নোৱাৰি পাচে ধৰা পৰি গুচি অহা ;

            ঘনে পতি আগবঢ়া;

             ঘনে পতি ধৰা পৰা,

ঘনে পতি তাকে দেখি ঠাইতে মিচিকি হঁহা।





আছেনে মনত সেই প্ৰথমতে কথা কোৱা;

ওৰাপাতি লওতেই জৰ ঘআমে ঘামি যোৱা

            শুনি বেথা লগাকৈ

            কম বুলি ভাবি থৈ,

হুঁটা-মুটাকৈ সেই কিবা বুলি কিবা কোৱা?



আছেনে মনত সেই নিজম যমুনা-ঘাট;

দুবৰিয়ে ঢকা সেই যমুনা দাঁতিৰ বাট;

            বনৰ ধুনীয়া ফুল,

            যমুনাৰ কুল্ কুল্

দূৰৰ গাঁৱত মতা কুলিৰ শুৱলা মাত?



            আছেনে মনত সেই যমুনাত গা ধোৱা;

পানী যুঁৱলিত বহি থাকোতে দুপৰ হোৱা;

            বালিত পুখুৰী খানি

            লিৰিকি বিদাৰি পানী,

নভগা নিছিগা সেই মিছা-মিছি কথা কোৱা?



ওপৰে আকাশ নীলা দেখি মন মোহ যোৱা;

তলত বননি শ্যাম দেখি চকু জুৰ হোৱাঃ

            আছে নে মনত সেই

            যমুনা পাৰত গৈ,

ভালপাঁও বুলি দুয়ো সৰল শপত খোৱা?



   

            আছে নে মনত সেই পচোৱা বতাহ মৰা

চাই থাকোতেই সেই থিতাতে আন্ধাৰ পৰা,

            পচোৱা বতাহে পাই,

            কেনিবা উড়াই লৈ ;

ততালিকে সাগৰৰ দুইকো দুপাৰ কৰা ?



            আজিও যমুনা বয় কৰি সেই কুল্ কুল্,

 আজিও কুলিয়ে মাতে, ফুলে বনৰীয়া ফুল,

            আছে সি যমুনা ঘাট,

            দুৱৰিৰে ঢকা বাট,

শ্যামল বননি সেই, সেই কদমৰ মূল ।



            এতিয়াও কেতিয়াবা সেই ঘাটলকে গৈ

যমুনাৰ পানী চাওঁ শ্যামল পাৰত ৰৈ

            বহোঁ সেই বননিতে,

            ফুৰো সেই বাটে বাটে,

শুদা লাগে মন, নাই আগৰ অমিয়া সেই ৷



            নোৱাৰিলো পাহৰিব অতীতৰ স্মৃতি সেই ;

কিবা দেখোঁ ভাল পাওঁ; ভাবি থাকি অকলৈ ৷

            সদায় মনত গুণো,

            নহয় সিদিনা পুনু ;

য'তে আছা থাকা ভালে, কৰো অভিলাষ এই ৷


No comments:

Post a Comment