Friday 25 September 2015

বিদায়


কবিঃ- যমুনেশ্বৰী খাটনিয়াৰ



ফুলৰ সৌৰভে অলিক মাতিলে,
 গান গাই আহি সি,
একোকে নেমাতি চুমাৰে সুধিলে  
-দিবনো খুজিছা কি ?
 

দিয়া দিয়া মোক প্ৰাণৰ অমিয়া
প্ৰাণ ভৰি পি লও'-
এই বুলি অলি ফুলক সাৱটি
ৰঙতে থউ -বাথউ।

এনেতে আহিল বতাহ এছাটি
লৰালে গছৰ পাত;
অলি বোলে 'মই যাওঁ, যাঁও, যাঁও,
লগালোঁ তোমাক মাত।

নিয়ৰৰ পানী টোপাটোপে সৰে
চকুৰ কান্দোম হৈ;
নিদিওঁ বুলিও যাবলৈ দিলে
অতিকে  বিমনা কৈ?

তেনেদৰে আজি ক্ষন্তেকৰ বাবাে
নাযাওঁ বুলিও যাওঁ
তোমাৰ কাষত সকলো ধাউতি
ৰাখি যে বিদায় লওঁ।

No comments:

Post a Comment