Friday 25 September 2015

কবি, আজি গোৱা বজ্ৰগান


কবিঃ-ভৱনাথ হাজৰিকা





কবি, আজি গোৱা বজ্ৰগান,

            তোমাৰ বীণত আজি

                        সঞ্চাৰক শত নত প্ৰাণ ।



নবীন কোমল বীণ

             আজি কবি, কৰা বজ্ৰময়

নবজাবা প্ৰেমৰ সঙ্গীত

            নন্দৰ প্ৰেমৰ আলয় ।

শুপ্ত আজি এই পূত স্থান ;

            কবি আজি গোৱা বজ্ৰগান ।

কান্দিছে জনমভূমি, কান্দা কবি

 তুমিও কবিতা ;



কান্দ্ আজি পশু-পখী

স্বদেশৰ প্ৰিয় গছ-লতা

-তাত কিনো ভালপোৱা গান?



পাতে পাতে লেখা যত

            লুপ্ত  ভাষা আৰু নিজীৱতা ,

 মৰ্মভেদী বাণী য

            -কর্মহীন, হ'ল স্বাধীনতা:

 কবিতাত মূর্ত কৰা প্রাণ -

কৰি আজি গোৱা সেই গান ।

No comments:

Post a Comment