Friday 25 September 2015

আবেগ


কবিঃ- লক্ষেশ্বৰ শৰ্মা বৰুৱা



কিয়নো আত্মাৰ এনে অথিৰ অবিৰ

সুঁৱৰি কি তাহানিৰ পাহৰণি কথা?

উঠি কিয় মৰ্মভেদী সকৰুণ সুৰ

আছে কিনো অতীতৰ লগত মমতা?

জন্মৰ সিপাৰে কিবা কৰিছীল কাম,

বান্ধিছীল প্ৰণয়েৰে কিম্বা কোনো জনে;

নোৱাৰি ছিঙিব সেই প্ৰণয়ৰ ডোল,

আজিও নিৰ্মম স্নেহ বিচাৰে পৰাণে?

মৃত্যুৰ আগতে পৰা প্ৰণয় চুমাটি,

সুঁৱৰি কি অসহন মৃত্যুৰ পাছত।

জিলিকি পুনৰ কিম্বা ৰেখ প্ৰণয়ৰ

উজলায় পূৰ্ব স্মৃতি মান পটত?

বিষাদ কাহিনী তোলা হৃদয়-তলিৰ

তপত চেনেহ যেন মুকুতাৰ মালা,

দুধাৰি চকুলো বলে কিবা অৰ্থ তাৰ?

অৱশ অন্তৰ কিয় ভাবি জলাকলা?




No comments:

Post a Comment