Friday 25 September 2015

কবি

হিতেশ্বৰ বৰবৰুৱা


মৰতত থাকি তুমি নিতে লোৱা ঘ্ৰাণ

নন্দন বনত ফুলা পাৰিজাত ফুল

আঁকা কত ছবি তুমি সুন্দৰ অতুল

অমৰাপুৰৰ কবি, অমৰ পৰাণ!


সুখে আৰোহণ কৰি মানস ৰথত

কল্পনা ৰাজ্যত তুমি কত ক্ৰীড়া কৰা;

পিয়াহ-আঁতুৰ, হায় নৰৰ মুখত

অমৃতৰ ৰস আনি আঁজলিৰে ধৰা।

দেৱতা! দেৱতা! কবি এই জগতৰ

তুমিয়ে জীৱন্ত দেৱ, প্ৰতিমা দেৱৰ;

কি স্বৰগ, কি মৰত, কি পাতাল পুৰী

কি নগৰ, কি অৰণ্য তিৰ সাগৰৰ

সকলোকে দেখা তুমি' সকলোতে ফুৰি
আঁকা ছৱি সকলোৰে, তুমি চিত্ৰকৰ।

No comments:

Post a Comment