Friday, 25 September 2015

সন্ধিয়া

কবিঃ- সিংহদত্ত দেৱ অধিকাৰী


সন্ধিয়াৰ ৰঙা বেলি ধীৰে ধীৰে গই
পছিমাকাশত ডুবি গ;
পেঁপাটি মুখত লই গৰখীয়া লৰা
গৰু সতে ঘৰমুৱা হ|
ফুলোঁ ফুলোঁ গোলাপৰ ধুনীয়া কলিটি
মলয়াৰ ধীৰ ছাটি পাই
ৰঙতে বিভোল দেহি, নাচিব ধৰিলে
নিজৰ জেউতি নিজে চাই |

মৃণাল ভুঞ্জিব এৰি ৰাজহাঁহ-জাক
দিহা-দিহি গল এৰি বিল;
ফিৰিলে ঘাটৰপৰা বোৱাৰী জীয়ৰী,
সন্ধিয়াৰ চাকিটি জলিল |
হাটৰুৱা বাটৰুৱা চাপিলেহি ঘৰ,
শেৱালিৰ বলিল সুৱাস;
পূব আকাশৰপৰা কলা ঢাকনিয়ে
দেখুৱালে নিশাৰ আভাস |
লুইতৰ পাৰে পাৰে নাৱৰীয়াবোৰে
ধীৰে ধীৰে বান্ধিলেহি নাও;
গাঁৱৰ দৌলৰপৰা ডবা-শঙ্খ-ধ্বনি
বিয়পিলে সন্ধিয়াৰ ৰাও |

No comments:

Post a Comment