Friday, 25 September 2015

ৰূপজ্যোতি

কবিঃ-গণেশ গগৈ

ৰূপৰ জেউতি সখী                  নাশিব নোৱাৰে কেৱে

নিজৰ ৰশ্মিতে মাথোঁ নিজে মাৰ যায়,

 এন্ধাৰে আঁঠুৱা তৰি                 বাধা দিয়ে অৰুণক

তেওটোঁ পুৱাতে আহি পোহৰ বিলায়।

 

কুঁৱলীয়ে ছাটি ধৰে                   উষাৰ লাহৰী আভা

তথাপি মলয়া বয় বলিবৰ হলে;

ঘোপ মৰা এন্ধাৰৰ                   মাজেদি সুৰুঙা ফালি

মেঘত দীপালী সাজি জোন-তৰা জলে।


জালি কটা ৰিহাৰেই                 ঢাকিলে কি হব সখী

পাহি মেলি ফুলি অহা পহুমৰ কলি ?

আৱেগৰ বা  লাগি                     নুৰিবনে ৰেণু তাৰ

নাহিবনে কাষ চাপি মতলীয়া অলি।



কেঁচা সোণ বৰণীয়া                 তোমাৰ লৱণু তনু

দহি বটাঁ  খনিয়াৰে নোৱাৰে ঢাকিব,

বিৰিঙি বিৰিঙি সখী                 মনোৰম ৰূপ-ৰেখা

জোনাকী পৰুৱা হই জিলিকি আহিব।



ওৰণি তলত থই                       অধৰৰ ৰহঘৰা

মোহ লগা মুকুতাক নোৱাৰা ৰাখিব ।

নিলাজী সমীৰে সখী                ওৰণি গুচাই লই

কমনীয় কমলিৰ কবিতা গাঁথিব।


আকুলতা আলসুৱা                        আজলী বুকুৰ পখী

পাৰা জানো লুকুৱাব পলসুৱা পথ?

অভিমানে আঁকি দিব              তোমাৰ গোপন ছবি

লাজুকী লতাৰে ঘেৰা ঘন উপবন।



নোৱাৰা ঢাকিব সখী                নোৱাৰা ৰাখিব সখী

দেৱতাই  দান কৰা জীৱন দাপোন;

যদিওবা জীৱনেই                         সৃষ্টিৰ বিমল ছায়া

যদিওবা জীৱনেই অনন্ত সপোন।


3 comments:

  1. সুন্দৰ প্ৰচেষ্টা।

    ReplyDelete
  2. পুৰণি কবিতা বিলাক এনেকৈ পাই সঁচাকৈ বৰ ভাল লাগিছে। ধন্যবাদ থাকিল।

    ReplyDelete