Friday 25 September 2015

এপাহি গোলাপ




কবিঃ- দেৱানন্দ ভৰালী



দিছিল এদিন তেওঁ এপাহি গোলাপ

গোলাপৰ সামান্য এপাহ;

হাত মেলোতেই মোৰ শৰীৰত যেন,

বৈ গ'ল অনন্ত বতাহ!

সাধাৰণ গোলাপ এপাহ!

কঁপি উঠা আঙুলিৰে কথমপি ল'লো

হাতে হাত লাগিল পৰশ;



আজিও সুঁৱৰি মোৰ পুলকে শৰীৰ,

হৃদয়ত উঠলে হৰষ।


আহা! সেই মাদক পৰশ!

শুকাই লেৰেলী গ'ল বহীৰ মাজত

হৰিল আগৰ গোন্ধ ভাঁপ;

চিৰ নতুনত্ব তাৰ নুগুচে তথাপি,

শাঁত কৰে অন্তৰৰ তাপ!


সাধাৰণ এপাহি গোলাপ।


No comments:

Post a Comment