Sunday 20 September 2015

কোনে কি ক'লে


ঘড়ীটোৱে কয় শুনা
টিক্ টিক্ টিক্
সময় গৈছে উৰি
ঠিক ঠিক ঠিক।

ভোমোৰাই কয় শুনা
গুণ্ গুণ্ গুণ্
ফুটাই পঢ়িবা পাঠ
নাই ভুন ভুন্ !
 
চিৰিয়াখানাত বহি
বাঘে বোলে হাওঁ।
যি আছে দিয়া মোক
ততালিকে খাওঁ।

লাটুমে কৈছে শুনা
মুৰ মুৰ মুৰ,
মোৰ দৰে নুঘুৰিবা
বাট বহু দূৰ।



কুকুৰে কয়হি আহি
ভুক্ ভুক্ ভুক্
দোষ নাই দুই এটা
হ'লে ভুল চুক।

কাউৰীজনীয়ে কয়
কা কা কা
বগা হব খোজ যদি
গাখীৰকে খা।

ছাগলীজনীয়ে কয়
বে বে বে
বেজাই লাগিছে ভোক
কি আছে দে।

পূৱাৰ নিয়ৰে কয়
টুপ্ টুপ্ টুপ্
নজগাবি জুনুকাক
চুপ্ চুপ্ চুপ্।

3 comments:

  1. আমি পঢ়োতে মাজৰ দুটামান দফা নাপালো

    ReplyDelete
  2. আমি পঢ়োতে মাজৰ দুটামান দফা নাপালো

    ReplyDelete
  3. প্ৰথম দুটা আৰু শেষৰটো পঢ়িছিলো ।
    মাজৰখিনি পোৱা নাছিলো ।

    ReplyDelete