পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Sunday 20 September 2015
শিশু স্তুতি
কবিঃ- তৰুণৰাম ফুকন
আমি শিশু অতি নেজানো ভকতি
ৰঙতে সদায় মতি,
সকলোৱে কয়
তুমি দয়াময়
তুমিয়ে ল'ৰাৰ গতি,
ল'ৰাক শুনিছো
তুমি ভাল পোৱা
মাতৃকো অধিক কৰি,
তেন্তে তুমি কিয় লুকাই ফুৰিছা
ল'ৰাৰ মৰম এৰি?
ধ্ৰুৱৰ চৰিত
প্ৰহ্লাদৰ কথা
আইৰ মুখত শুনি,
কিয়নো নেদেখো
কেতিয়া দেখিম
থাকোঁ মনতেই গুণি।
দিয়াঁ দিয়াঁ দেখা
হেৰা দয়াময়
আমাকো মৰম কৰা,
তোমাৰ কোলাত তুলি লোৱা প্ৰভূ
আমিও তোমাৰে ল'ৰা।
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment