Friday 25 September 2015

ভাবী প্ৰিয়া



কবিঃ- আনন্দ চন্দ্ৰ বৰুৱা




কোন তুমি কেনি আছা কতেবা লুকাই -
মাজে মাজে মাৰিছা ভূমূকি?
নেদেখি দেখিছো যেন শুনি শুনিছোঁ
তোমাৰেই দীঘলীয়া উকি ।


প্ৰতিধ্বনি আহি যেন মোৰ মৰমত
ঠেকা খাই নিনাদি উঠিছে;
বসন্ত বায়ুৰ দৰে তোমাৰ কথাটি
হৃদয়ত বিয়পি পৰিছে।


নৱ পল্লৱিত মোৰ মানস কুঞ্জৰ
সেউজীয়া পাতৰ তলত
শুনিছো তোমাৰ যেন অমিয়া কঞ্ঠৰ
সুধা সুৰ মৃদু পঞ্চমত।

কুসুম কানন জিনি আছা যেন তুমি
আবেগত বিয়াকুল হৈ-
বৰণৰ মালাধাৰি মোৰ ডিঙিতেই
হেঁপাহেৰে দিওঁ দিওঁকৈ।

আশা-মলয়াত উঠি আহিছে তোমাৰ
প্ৰণয়ৰ পূত পৰিমল,
তাতে মোৰ মউপিয়া মতলীয়া মন
ভাবী তৃপিতিত টল্‌নল্ ।

নিচিনো নেজানো হায়, তোমাৰ ৰূপৰ
লেশমানো মূৰ্তি নাইকীয়া,
তথাপিও আছা যৈন হিয়াতে লুকাই
মূৰ্তিমতী তুমি প্ৰাণপ্ৰিয়া।

তোমাৰ বুকুত যেন ৰেণু ৰেণুকৈ
মউপিয়া জনৰ কাৰণে,
এথুপি সুৱদী মৌ সাঁচিছা সদায়
নিজানত অতিকে গোপনে।

তৰঙ্গ কল্লোল-প্ৰায়  তোমাৰ কথাটি
উটি যায় দূৰ দূৰলৈ
চন্দ্ৰমা-শীতল যৈন তোমাৰ ছবিটি
চাপি আহে মোৰ কাষলৈ।


পৰিছে বিয়পি যেন হাঁহিটি তোমাৰ
মোৰ দুটি চকুৰ আগত,
বাজিছে কেনিবা যেন তোমাৰ সঙ্গীত
আজি মোৰ হিয়াৰ মাজত ।

শুনিছোঁ শুনিছোঁ যেন লাগিছে মনত
 প্ৰণয়ৰ থোকাথুকি স্বৰ,
ওচৰতে আহি যেন দিছাহি সঁহাৰি
তোমা-মোৰ ভাবী মিলনৰ ।

ৰিণিকি ৰিণিকি যেন দেখিছো দূৰত
সউ মোৰ গভীৰ গৰিমা,
কেনি যাওঁ কেনি পাওঁ কেনি গলে পাম
মোৰ সেই মানসী প্রতিমা ।

কোনে জানে ক'ত তুমি কেনিনো লুকাই
ফুলি আছা, মধুৰ হাঁহিটি,
আঁৰে আঁৰে ফুলনিত কেনি আছা জুমি
নাই লোৱা একো গম গতি।

সোণালী সপোন এটি উটি ভাহি আহি
লাগিছেহি মোৰ দুচকুত,
কলাঘুমটীয়া মোৰ সুখৰ আৱেশ
জাগিছে নিজান বুকুত ।

কত যায় মেঘামলা চকুৰ আগেদি
উৰি যায় কত শত পখী,
নিদিয়ে কোনেও ঠিক তোমাৰ বাতৰি
কয় মাথো আছে তোৰ সখী ।

মানস মাধুৰী মোৰ মাধৱী মূৰতি,
কোনে জানে কেনি আছা প্রিয়া ?
তোমাৰ স্বৰতে বাজে মধুৰ বীহটি,
তোমাতেই নাচে মোৰ হিয়া।

No comments:

Post a Comment