Wednesday 7 October 2015

অনিত্য


কবিঃ-হিতেশ্বৰ বৰবৰুৱা



 নহয় মানৱ মাথোঁ-গোটেই জগত

( বিভূজন সৃজন যত ) অনিত্য সবেই।

সৌ যে দূৰত দেখা পৰ্বতৰ চুড়া

শিলেৰে বন্ধোৱা ঘৰ, দেৱৰ মন্দিৰ

কিম্বা ৰাজ-নিকেতন, উন্নত শৰীৰ

( কি সুন্দৰ ৰত্নময় ) চুৰ্ণ হব সৱে ।

এই যে পৃথিৱী সখি, বাসুকী-শিৰত,

পর্বত, সাগৰ, পুষ্প, তৰুলতা আদি

সকলোটি হব ধ্বংস নাথাকিব চিন ।

অসাৰ স্বপ্নৰ দৰে টোপনি জালত

অনিত্য সকলো আমি অনিত্য মৰ্ত্ত্যত ।

 সকলো অনিত্য ; কিন্তু অনিত্যৰ মাজে

আছে এটি নিতা, সখি সিটি কীৰ্তি যশ ।


No comments:

Post a Comment