Wednesday 7 October 2015

চকুলো


কবিঃ- হিতেশ্বৰ বৰবৰুৱা



নোলায় চকুলো মোৰ পুত্ৰৰ শোকত,  প্ৰভূ!

পুত্ৰ শোক সন্তাপৰ নোহে ইটো চিন।

ই যে মুকুতাৰ মালা, তোমাৰেই প্ৰতিদান,

-দেৱমনোলোভা ৰত্ন - শোভে ৰাতি দিন

তোমাৰ ফুলনিবাৰি, তোমাৰেই তৰুলতা,

যি ফুল ফুলিল তাত, তাৰে এটি আনি,

অৰ্পিলোঁ পূজাৰ অৰ্থে ভকতি  অন্তৰে আজি

তোমাৰ পাৱতে পুনু লোঁৱা প্ৰভূ, তুমি।

ই চকুলো নোহে ,মোৰ অপত্য শোকৰ চিন,

ই যে প্ৰভূ, পুত্ৰলই নিৰ্মালি পিতাৰ,

- স্বৰ্গীয় অঞ্জন ৰূপী-দুয়ুটি চকুটি পিন্ধি

আজীৱন ৰ'ম চাই চৰণ তোমাৰ!

চকুলো দুধাৰি প্ৰভূ, তোমাৰ নিৰ্মালি মোৰ,

অন্ত হব অন্তিমত, ভঙ্গ হব মোহ ঘোৰ।


No comments:

Post a Comment