Wednesday, 7 October 2015

বিদায় পৰত


কবিঃ-শৈলধৰ ৰাজখোৱা



এতিয়াই হয় যদি যাবৰ সময়

 তুমি মোৰ বহিবা কাষত

মোৰ এই বীণ খনি বজাবা এবাৰ

কথাখিনি পৰিব মনত ।

চকু দুটি হব মোৰ ধুৱলি-কুৱলি

কাণ হলে থাকিব সজাগ

ব লগা যিবা আছে কই যাবা তুমি

মনলৈ নানিবা বিৰাগ ।

 আমি দুয়ো ৰুই যোৱা, গছ-লতা খিনি

নিজ হাতে কৰিবা যতন

কুসুমিতা হলে মোৰ বনলতা জুপি

মোৰ কথা কৰাবা স্মৰণ ।

ভগা পঁজা সমূখৰ 'হেচানাহেনাৰ'

সঁচ যদি পোৱা কৰবাত,

বিচাৰি গোটাই আনি নিজ হাতে তুমি

ৰুই থবা মাজ চোতালত ।

তুমি ৰোৱা গোলাপৰ ডাল এটি আনি

জীয়াবাহি তাৰ কাষৰত ৷

উলটি আহিলে মই অচিনাকি হই,

কিবা কথা পৰিৰ মনত ।

তুমিয়ো যেতিয়া যাবা সন্ধিয়া পৰত

চাবা যাতে পথ নেহেৰায় ;

মোক হলে নিবিচাৰি তৰাৰ মাজত

বিচাৰিবা ইয়াতে দুনাই ।

অকলশৰীয়া যদি কোনোবা পথিকে

ভাবি গুণি নিজৰা-কাষত,

ঢউ লেখি বহি থাকে নাহাঁহিবা তাক

কথা তাৰ বাজিব প্রাণত ।

কোনোবা প্রেমিকে যদি সজল আখিৰে

চাই থাকে মুখনি তোমাৰ,

সাদৰী মাতেৰে তাক যাচিবা বিদায়

অবাবত নিদিবা বেজাৰ ।

তাৰ যদি চকু-পানী বাগৰে মাটিত

তুমি তাত নিদিবা চৰণ ।

কিজানিবা পৰে আহি তোমাৰ শিৰত

ঘূৰি ফুৰি গোটেই ভুবন ।

কোনোবা সন্ন্যাসী যদি আবেলি পৰত

বহি যায় বীণখনি বাই,

শুনিবাচোঁ কাণ পাতি কিনো গীত গায়

কাৰ বীণ কোনেনো বজায়।

এতিয়া আহিলে মোৰ যাবৰ সময়

অতিকৈ নহবা নিৰাশ ।

নুটুকিবা চকু পানী মোৰ ওচৰত মন

মোৰ লাগিব উদাস।

পৰিব মনত এই শ্যামলী ধৰণী

ৰূপ-ৰস-সৌৰভ-নিজৰা,—

শৈশৱৰ হঁহা-কন্দা ধৰাকে সাৱটি

ধূলা-খেলা ধূলাতে বাগৰা ।

সুশীতল সমীৰণ, জোন, বেলি তৰা

গছ লতা পৰিব মনত ।

বসন্তৰ ফল আৰু শৰতৰ ফল

জিলিকিব মানস পটত।

সেই দিনা ধৰণীৰ প্ৰতি ধূলি-কণা

মোৰ হব নিচেই আপোন ;

যি আছে সকলো দিম চাই লবলই

সকলোকে এবাৰ মাথোন ।

এই স্বর্গ এৰি থই কোনোবা স্বৰ্গত

মন মোৰ নবহে নিশ্চয়

ধূলাত মিলিব এই ধূলাৰ শৰীৰ

উলটিম নব দেহা লই ।


No comments:

Post a Comment