অ’ ফুল অ’ ফুল
নুফুল কিয়?
গৰুৱে যে আগ খায়
মইনো ফুলিম কিয়?
অ’ গৰু অ’ গৰু
আগ খাৱ কিয়?
গৰখীয়াই যে মোক নৰখে
মইনো নাখাম কিয়?
অ’ গৰখীয়া অ’ গৰখীয়া
গৰু নৰখ কিয়?
ৰান্ধনীয়ে যে ভাত নিদিয়ে
মইনো ৰখিম কিয়?
অ’ ৰান্ধনী অ’ ৰান্ধনী
ভাত নিদিয় কিয়?
খৰিকটীয়াই যে খৰি নিদিয়ে
মইনো দিম কিয়?
অ’ খৰিকটীয়া অ’ খৰিকটীয়া
খৰি নিদিয় কিয়?
বৰ গছ যে কাটি থৈছোঁ
নুশুকায়নো কিয়?
অ’ বৰগছ অ’ বৰগছ
নুশুকাৱ কিয়?
মেঘে যে বৰষুণ দিয়ে
মইনো শুকাম কিয়?
অ’ মেঘ অ’ মেঘ
বৰষুণ দিয় কিয়?
ভেকুলীয়ে যে টোৰটোৰায়
মইনো নিদিম কিয়?
অ’ ভেকুলী অ’ ভেকুলী
টোৰটোৰাৱ কিয়?
বোপাককাৰ সহজটো
মইনো এৰিম কিয়?
মই কৰোঁ টোৰ টোৰ ,
মেঘে গাজে গুৰ গুৰ ,
বৰষুণ পৰে হুৰ হুৰ।
অশেষ ধন্যবাদ। এনেকুৱা এটা অনুভূতিয়েই এই প্ৰচেষ্টাৰ প্ৰেৰণা।
ReplyDeleteঅ ফুল অ ফুল নুফুল কিয়। কবিতাটোৰ লিখক কোন আছি জনাবনে?
DeleteMunna sarmah
Deleteকবিতাটোর লিখক কোন আছিল
ReplyDeleteকবিতাটো পঢ়ি ভাল লাগিল Visit Assam Career
ReplyDeleteবৰ ভাল লাগিল
ReplyDeleteবহুত ভাল লাগিল mur ata youtube channel ase frnd hokul subcrib kribo sun
ReplyDeleteLink = https://youtu.be/7DKa4j5avFY
Channel name = bipul nath
ভাল লাগিছে
ReplyDelete