Saturday 31 October 2015

নোৱাৰোঁ



কবিঃ- মঃ চোলেইমান খাঁ

নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ, 
কদাপি নহয় সিটি কথা মানুহৰ, 
এলেহুৱা যিটো হয়, নোৱাৰোঁ সিটোৱে কয়;
তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা? 
এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
ভাল নাম পাবলৈ যদি কৰা মন,
তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন।
দহজনে পাৰে যিটো,  তুমিও পাৰিবা সিটো ।
হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা,
একেবাৰে নোৱাৰিলে এশবাৰে কৰা। 


সংগ্ৰাহকৰ একাষাৰ:- 
বহুলোকে এই কবিতাটি William Hickson Perseverance or Try Again ৰ অসমীয়া ভাৱানুবাদ বুলি কব খোজে। অৱশ্যে মুলভাবৰ মিল থাকিলেও, মঃ চোলেইমান খাঁই এই কবিতাটিক এক অতি বাস্তৱসন্মত অসমীয়া ৰূপ দিবলৈ সক্ষম হৈছে। বাকীখিনি পাঠকে নিজস্ব বিছাৰৰ বাবে এৰি, হিকচনৰ ইংৰাজী কবিতাটিও তলত দিয়া হ'ল/



Try Again
 
By William Hickson, 

‘Tis a lesson you should heed–
            Try again;
If at first you don’t succeed,
            Try again.
Then your courage should appear;
For if you will persevere,
You will conquer, never fear,
            Try again.

Once or twice though you should fail,
If you would at last prevail,
            Try again.
If we strive, ’tis no disgrace
Though we did not win the race–
What should you do in that case?
            Try again.

If you find your task is hard.
            Try again;
Time will bring you your reward,
            Try again;
All that other folk can do,
Why with patience should not you?
Only keep this rule in view,
            Try again.

16 comments:

  1. কবিতাটোৰ কবিগৰাকীৰ নামটো জনাব নেকি, অনুগ্ৰহ কৰি?

    ReplyDelete
    Replies
    1. ম: চুলেমান খাঁ

      Delete
    2. কবি গৰাকী নবকান্ত বৰুৱাহে আছিল নেকি !

      Delete
    3. নৱকান্ত বৰুৱা

      Delete
  2. কোনে ৰচনা কৰিছিল অ

    ReplyDelete
    Replies
    1. মহম্মদ চুলেইমান খাঁ

      Delete
    2. নৱকান্ত বৰুৱা

      Delete
    3. ম চুলেইমান খান

      Delete
  3. আপুৰুগীয়া কবিতা

    ReplyDelete
  4. শব্দ আৰু অৰ্থ দিব

    ReplyDelete
  5. অতি সুন্দৰ উদ্গনিমূলক কবিতা

    ReplyDelete
  6. আমি চতুৰ্থ শ্ৰেণীত থাকোতে পঢ়িছিলোঁ৷ অনুপ্ৰেৰণামূলক কবিত৷

    ReplyDelete
  7. Very nice. Liked a lot. 🙏🙏

    ReplyDelete
  8. নৱকান্ত বৰুৱাৰ যুগময়ী কবিতা ৷

    ReplyDelete
  9. মহম্মদ চুলেইমান খাঁ

    ReplyDelete
  10. আমি তৃতীয় শ্ৰেণীত থাকোতে পঢ়িবলৈ পাইছিলো ।

    ReplyDelete