Friday 9 October 2015

অন্তিম জ্যোতি


কবিঃ-ৰঘূনাথ চৌধাৰী


মৰম ভিখাৰী মই বিশ্ব ভাণ্ডাৰত

খুজিছিলো অন্তৰৰ দান,

গৰল উদ্ভৱ হ'ল সিন্ধু মন্থনত

অমৃতৰ নেপালোঁ সন্ধান;


 উদ্ধাম বাসনা লই স্বর্ণমৃগ খেদি

সংসাৰত ভ্ৰমিলো কিমান,

দুর্জয় লালসা তেও নুগুছিল মোৰ

ব্যৰ্থ হ'ল লক্ষ্যভেদী বাণ।



মৰ্মাহত ব্যাথাহত দূৰ্বহ জীৱন

আছে মোৰ আৱৰ্তত ঘুৰি;

স্পন্দনত তন্দ্ৰাতুৰ দুৰ্বল চিত্তৰ,

জড়তাই নিছে সংজ্ঞা হৰি



ব্যাথাৰ সহস্ৰ জ্বালা ব্যৰ্থতাৰ গ্লানি

বুকু পোৰা তপত উচ্ছাস,

কোনেবা গুছাব মোৰ কোনেবা শুনিব

আৰব্য স্বপ্ন উপন্যাস।



জীৱনৰ ধ্ৰুবতৰা মাৰ যাঁও যাঁও

অনন্তৰ অন্তিম বুকুত,

পৰম আনন্দ ৰূপ ধ্ৰুৱ জ্যোতিকণা

নাপাম নে আৰু সিলোকত?

No comments:

Post a Comment