Friday 9 October 2015

অ’ মোৰ ধুনীয়া গাঁও


কবিঃ-জ্যোতিপ্ৰসাদ আগৰৱালা



মোৰ ধুনীয়া গাঁও

ৰজাকো, প্রজাকো,

আমাক গৰকাকো

            তোৰ পদূলিতে বান্ধি ৰখাওঁ

                         মোৰ ধুনীয়া গাঁও ।

 

তোৰে কোলাৰে জাতি বাঁহজুপিয়ে

থকা ঘৰ মোক দিয়ে

ইকৰা-খাগৰি উলু-খেৰণিয়ে

            হজুৱা-বনুৱা জীয়ে ।



তোৰ মৰমতে ধাননি উপচি

মাণিকি মধুৰী আহে

তোৰে চেনেহতে ফুলা সৰিয়হে

পাহি মেলি মেলি হাঁহে ।



তোৰে চোতালতে গাঁৱৰ জীয়ৰীয়ে

নকৈ বাঁতিছে তাঁত,

গাঁৱৰ ডেকাল'ৰাই

তিনিসইত খাইছে - নেৰিছো নেৰিছো

দুবেলাৰ দুসাজি ভাত ।



অ' মোৰ ধুনীয়া গাঁও



অত দিনে থকা

ভুৱাভাৰীৰ ছলাহি ভাঙি পেলাওঁ ।


No comments:

Post a Comment