Monday 18 April 2016

শিশু আৰু বসন্ত



কবিঃ- মিত্ৰদেৱ মহন্ত

 
অ' বসন্ত, অ' বসন্ত
            কোঁচত সেয়া কি?
ৰঙা নীলা ফুলৰ মালা
             লৈ আহিছোঁ সী।

পিন্ধাই দেচোন লতাৰ খোপাত,
কুঁহিপাতৰ কোমল  থোপাত
চাওঁ আমি চকু ভৰি ৰূপহ ছবিটি॥


 অ' বসন্ত, অ' বসন্ত
            সজাত সেয়া কি?
 মিঠা মাতৰ মৌ সৰোৱা
            কুলি কেতেকী।

এৰি দেচোন গছৰ ডালত
ঠেও ধৰি নাচক তালত
আমিও নাচোঁ ছেৱে ছেৱে হাত চাপৰি দি॥

No comments:

Post a Comment