Monday 18 April 2016

বিহুৱান



কবিঃ- নকুলচন্দ্ৰ ভুঞাঁ

ৰঙিলী ঐ                     ঢঙিলী ঐ
ব'হাগৰ বিহুৰে ধেমালি ঐ॥



মইনাৰ বায়েকে          পাণকটা ফুলেৰে
ৰঙা শেলৰ গামোচাখনি।
মেৰিয়াই দিলেহি         মইনাৰ ডিঙিতে
ব'হাগৰ বিহুটি বুলি॥


ত'তে দেখিলে              এখেতে চিনিলে
সেইযুৰি মইনাৰে ভৰি।
শালে কটা চুৰীয়া         গুণাকটা চুৰীয়া
আহে তিৰ্‌বিৰ কৰি॥

বায়েকে কৈছে            মইনাক শুৱাইছে
আজি বিহু কাপোৰযোৰে।
চেনেহী হিয়াৰ                 গোলাপী মুখত
মৰম অহা যোৱা॥


No comments:

Post a Comment