Monday, 18 April 2016

জোনাক নিশা



কবিঃ- মঃ চোলেইমান খাঁ

কেনেনো জোনাক নিশা চোৱা আজি ভাই
দেখিলেই দেহা মন জুৰ পৰি যায়।
জোনটিয়ে আকাশত জক্‌মক্ কৰি
চোৱাচোন জ্বলি আছে কেনে শোভা ধৰি।

নই, বিল, ঘৰ-বাৰী সকলোতে আহি
ৰূপালী জেউতি পৰি আছে যেন হাঁহি।
তৰাবোৰ কেউকাষে তিৰ্‌বিৰ্ কৰি
হাঁহে আৰু নাচে চোৱা কেনে ছেও ধৰি।
অসীম আকাশ জুৰি শোভে বিতোপন
যাক দেখি আনন্দত নাচি উঠে মন।
সকলো শোভাৰ গিৰি সেই বিশ্বপতি
একমনে সিজনক কৰোঁ মই নতি।

No comments:

Post a Comment