কবিঃ- দণ্ডিনাথ কলিতা
আমি অসমীয়া আমি
ডাঙৰীয়া
আটাইতকৈ ডাঙৰ জাতি,
কি কি লাগে কোৱা লেখ
কৰি লোৱা
নোপোৱা একোতে ঘাটি।
আমাৰ লুইতে লাখ
লাখ মোন
দিছে কঢ়িয়াই পানী,
বুকুতে লুকাই ঘঁৰিয়ালে
কত
খাইছে মানুহ টানি।
আমাৰ পৰ্বতে শাৰী
পাতি পাতি
জিলিকাই ৰাখিছে টিং,
আমাৰ হাবিতে আছে
বৰি ভৰি
হৰিণ, ম'হৰ শিং।
আমাৰ বনত ঢেকীয়া-পতীয়াই
তেজৰে পৰীক্ষা চায়,
আমাৰ ভালুকে বাটৰুৱা
পালে
নাকতে চুমাটো খায়।
আমাৰ গড়ৰ ছালেৰে কৰিছিল
তাহানি যুঁজৰ ঢাল,
ডাঙৰ হাবিত ঘুৰিব
লাগিছে
আমাৰে হাতীৰ পাল।
আমাৰে শিয়াল লোদোৰ-পোদোৰ
ছাগলী পেটত ভৰি,
আমাৰ ফেটীয়ে একেটা
খোটতে
থয় সিফলীয়া কৰি।
আমাৰ মেকুৰীয়ে পোৰা
মাছ খায়,
কুকুৰে চেলেকে চুৱা;
আমাৰ আলহীয়ে পিকেৰে
বোলাই
মজিয়া চোবাই গুৱা।
আমাৰ কুলিয়ে কুউ
কুউ গায়
কৰে কাউৰীয়ে কা,
আমাৰ ভকতে এঘটি
পানীৰে
জানে ধুই লব গা।
আমাৰে ফেঁচাই 'নিউ'
বুলি দিয়ে
বাতৰি দৈৱজ্ঞ হৈ;
আমাৰে গোসাঁয়ে শিষ্যক
তৰাই
বৰঙণি ফেৰা লৈ।
আমাৰ টোকোৰাই যেনে
বাহ সাজে
পাৰেনে সাজিব আনে?
আমাৰ বাপুয়ে নপঢ়ি-নুশুনি
সকলো শাস্ত্ৰকে জানে।
আমাৰে মানুহে দুপৰ
হ'লেও
থাকে ফস্তি মাৰু শুই;
কানিৰ কৃপাত নোৱাৰা তুলিব
ঘৰত লগোৱা জুই।
আমাৰ লাচিতে মোগল
খেদালে
এতেকে আমিও বীৰ;
গাত ৰঙা তেজ এতিয়াও
আছে
কাটি চাব পাৰা সিৰ।
আমাৰ শঙ্কৰ মাধৱে
বোৱালে
দেশত ধৰ্মৰ সুঁতি;
দুয়ো অসমীয়া আছিল
যেতিয়া
আমিও ধৰ্মৰে খুঁটি।
আমাৰ নিচিনা হাজাৰ
বিজাৰ
জাত কাৰ আছে কোৱা,
আমাৰ নিচিনা পৰক
খটাই
কাকনো দেখিছা খোৱা?
আমাৰ মানুহে ভাতে
নেপালেও
নকৰে তালৈ কাণ;
বেপাৰ -বণিজ নীহ
কাম কৰি
কিয় হেৰুৱাব মান!
আমাৰে সকলো আমাৰে
গুণেৰে
আছে চৌদিশ ছাটি;
আমি অসমীয়া আমি
ডাঙৰীয়া
আটাইতকৈ ডাঙৰ জাতি।
No comments:
Post a Comment