Friday 1 April 2016

গজালিৰ লক্ষ্য



 কবিঃ- লক্ষ্যধৰ চৌধুৰী

(১)

মই গান্ধীজীৰ দৰে হ'ম

সদায় সত্য পথত ৰম,

অহিংস ব্ৰতেৰে জগত জিনিম

            সত্য কথাহে কম,

মই গান্ধীজীৰ দৰে হম।


(২)

মই হম জৱাহৰলাল,

            পৰাধীনতাৰ

            সাগৰ সাঁতুৰি

তৰিম জয়ৰ পাল,

মই হ'ম জৱাহৰলাল



(৩)

মই হম আজাদৰ দৰে,

            দেশৰ কাৰণে স্বাৰ্থ

            বলি দিম অকাতৰে,

মই হ'ম আজাদৰ দৰে।




(৪)

মই নেতাজী সুভাষ হ'ম

            পৰ্বত লঙ্ঘি সাগৰ নেওচি

            জয়ৰ তিলক ল'ম,

মই নেতাজী সুভাষ হ'ম।




(৫)

মই হম সৰোজিনী,

            বিশ্ববিজয়িনী

সুপ্ত বাৰত জগাই তুলিম

            ঢালি দিম সঞ্জীৱনী,
মই হ'ম সৰোজিনী।


(৬)

মই হ'ম  জয়-প্ৰকাশ,

            উচ্চ নীচ কৃষখ বনুৱাৰ

            কৰিম বিভেদ নাশ,

নকৰো পৰত আশ,

মই হ'ম জয়প্ৰকাশ।



(৭)

মই হ'ম তৰুণৰাম,

দেশৰ কাৰণে সকলো তিয়াগি

            যুঁজিম অবিৰাম,

            মই হ'ম তৰুণৰাম।



(৮)

            মই হম কৰ্মবীৰ,

নামতো নবীন কামতো নবীন

বীৰ পুত্ৰ জননীৰ,

মই হ'ম কৰ্মবীৰ।



(৯)

মই হম কনকলতা,

প্ৰাণবলি দিও

উদ্ধাৰি আনিম,

দেশৰ স্বাধীনতা,

মই হম কনকলতা। 



(১০)

মই কুশল কোঁৱৰ হ'ম,

            দেশৰ কাৰণে

            হাঁহি হেলাৰঙে

            ডিঙিত চিপজৰী লম,

মই কুশল কোঁৱৰ হম। 



(১১)

আমি নৱ ভাৰতৰ,

            নতুন গজালি

            নতুন উছাহ গাত

মৰততে আমি সৰগ ৰচি

            ফুলাম পাৰিজাত।










No comments:

Post a Comment