কবিঃ-
বলদেৱ মহন্ত
বজালেই
কাঁহ-পাত্ৰ ভগা ভাল চিনি;
সাক্ষী
ক'লে চিনি লোক কত দূৰ জ্ঞানী।
ভল
কৰি চিনি পায় বিবাহৰ পৰে;
পিতা-মাতা
প্ৰতি ভক্তি পুত্ৰে কেনে কৰে।
পুৰিলেই
চিনি ভাল বেয়া ৰূপ সোণ;
বিপদত
চিনি মিত্ৰে কেনে কৰে গুণ।
কথা
ক'লে চিনি লোক মূৰ্খ নে পণ্ডিত;
সাধুক
চিনিবা লেন-দেন কৰি বিত।
ব্যৱহাৰে
চিনি যাৰ মেন আছে দয়া;
পঢ়া
আৰম্ভতে চিনি ল'ৰা ভাল বেয়া।
ব্যৱহাৰে চিনি যাৰ মনে অছে দয়া
ReplyDeleteব্যৱহাৰে চিনি যাৰ মনে আছে দয়া
Deleteএই ধৰণৰ কবিতা ছাত্ৰ সমাজক জীৱন পথত আগুৱাই যোৱাত পথ প্ৰদৰ্শক হিচাপে পথ দেখুৱাই। এই কবিতাটো মোৰ বৰ প্ৰিয়। তেখেতক বহুত বহুত ধন্যবাদ, তেখেতে অতীতলৈ ঘুৰি চোৱাৰ সুবিধাকন কৰি দিছে।
ReplyDeleteকাবিত্অ মূলভাব
ReplyDeleteসুন্দৰ আৰু প্ৰিয় কবিতা। কবি মহদয়ে কবিতাৰ যোগেদি মানুহৰ জীৱনত চৰিত্ৰ গঠন আৰু ইয়াৰ ব্যৱহাৰিক দিশত যুগান্তকাৰী প্ৰভাৱ বিস্তাৰ কৰিছে।
ReplyDeleteকবি গৰাকী লৈ শ্ৰদ্ধা জনালোঁ।