Friday, 1 April 2016

কাৰ সুখ নাই



কবিঃ- বলদেৱ মহন্ত

সুখ নাই সুখ নাই ক'তো ধৰুৱাৰ,
অনুমাত্ৰ সুখ নাই চিৰ ৰূগীয়াৰ।
সুখ নাই যিটো সদা গোচৰত ফুৰে,
মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে।

অহৰ্নিশে যাৰ ঘৰে নুগুছে কন্দল,
তাৰ ঘৰে সুখ-ৰূপ নুফুলে কমল।
ধনী বা নিধনী যদি হয় অপুত্ৰক,
সিবিলাকে দেখে দুখময় সংসাৰক।
সাধুৰ সন্তান যদি দুষ্টমতি হয়,
পিতৃ-মাতৃ মনে সুখ কিছু নাথাকয়।
সুখ নাই যিটো হয় পৰৰ অধীন,
অসুখতে দিন যায় হ'লে বিদ্যাহীন।

7 comments:

  1. নিজৰ পাঠ্যপুথি ত পঢ়িবলৈ পোৱা নাই যদিও অসমীয়া ছাৰ এ আমাক সদায় এই কবিতা টি ৰ গুহাৰ্থ বুজাই দিছিল। আজি নিজে পঢ়িবলৈ পাই বহুত সুখী অনুভৱ কৰিছো।

    ReplyDelete
  2. বন্ধু গুহাৰ্থ নহয়, গুঢ়াৰ্থহে হব লাগিছিল.
    মানে গুঢ়ি + অৰ্থ. তথাপি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াৰ পিছতো অসমীয়া মাধ্যমৰ প্ৰতি ইমান আগ্ৰহ, I salute you dost. জয় আই অসম. .👍👍

    ReplyDelete
  3. বৰ ভাল লাগিল পুনৰ পঢ়াৰ সুযোগ পোৱা বাবে

    ReplyDelete
  4. কবিতা পঢ়ি সদায় ভাল লাগে কিন্তু এই কবিতাৰ অৰ্থ বহুত বেছি ।।

    ReplyDelete
  5. ইয়াত *অপুত্ৰক* শব্দটো পুংলিংগবাচক নে? যদি হয়, আজিৰ পৰিপ্ৰেক্ষিতত এয়া ভুল। ল'ৰা ছোৱালীৰ মাজৰ পাৰ্থক্য আজিৰ সমাজত প্ৰযোজ্য হ'ব নালাগে।

    ReplyDelete
  6. কবিতাটি পঢ়ি বৰ ভাল লাগিল জীৱনৰ বাটত হেৰাই যোৱা কবিতাটি পুণৰ পঢ়িবলৈ পায়||

    ReplyDelete
  7. এই কবিতাটোৰ কথা মোৰ বাৰুকৈ মনত পৰাত.............

    ReplyDelete