Monday 30 May 2016

কবিতা



কবি- পদ্মনাথ গোহাঞিবৰুৱা

সহস্ৰ চকুৰে দেখা কত কি যে গুণি

ফুটাব নোৱাৰি ভাৱ, টোকে চকুপানী

কত কাল নীলাকাশে আগ্নেয় কুসুম

সূৰুজ বুকুত লৈ জ্বলে চতুৰ্গুণ

অৰ্থভৰা হাঁহি লৈ ফুল কুঁৱৰীয়ে

চিপিয়াই ক’বলৈ পুন এৰি দিয়ে


ৰূপহী জোনায়ে দেহি, কত প্ৰেম ভাৱ

সংকেতে বুজাই ভাবে- কথাৰ অভাৱ

সন্ধিয়াৰ ৰঙা বেলি আপুনি তপত -

বিচ্ছেদ পোৰণি ভাপ নহয় বেকত

কুলু কুলু নৈ বয় কত কি বিনাই

নুবুজি নোসোধে কেৱে কত কি বিলাই

নসহি কবিতা ৰাণী হড় জগতত

দিলেহি বুজনি সুৰ অব্যক্ত ভাৱত।

1 comment: