Monday 30 May 2016

ধূলিকণা মই



কবিঃচন্দ্রধৰ বৰুৱা

যিদিনা মৰিম মই,সেইদিনা বাৰু
জগতৰ কেনি হানি হ?
মৰিলোঁ নে আছোঁ,মই,এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব ?

মই মৰিলেও দিন গলে ৰাতি হ,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল,বতাহ বলিব,
নিজ বাটে নক্ষত্র ঘূৰিব ।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰত কোনো নিয়মৰে
লৰচৰ অলপো নহয় ।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নাপাব ।
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই ।

20 comments:

  1. বহুত ভাল লাগিল পুৰনি কবিতা পাই ।

    ReplyDelete
  2. বহুত দিন আগত পঢ়া কবিতাটো পঢ়ি মনত পৰি গল হাইস্কুলীয়া দিনলৈ

    ReplyDelete
  3. বহুত ভাল লাগিল।

    ReplyDelete
  4. মূল ভাবটো লাগিছিল , দিব পাৰিব নেকি ?

    ReplyDelete
  5. হৃদয় চুই যোৱা কবিতা।😌

    ReplyDelete
  6. প্রিয় কবিতাৰ ভিতৰত অন্যতম।শব্দ বোৰত বিশাল অৰ্থ সোমাই আছে

    ReplyDelete
  7. এটা অতি সুন্দৰ কবিতা। সেই স্কুলৰ পাঠ‍্যপুথিত পঢ়োতেই মনত সাচঁ বহুৱাইছিল।

    ReplyDelete
  8. অতি সুন্দৰ কৱিতা।
    ড. অৰুণিমা দাস হাজৰিকা।

    ReplyDelete
  9. সুন্দৰ সত্য জীৱন্ত কবিতা

    ReplyDelete
  10. ভাবগভীৰ কবিতাটো পঢ়িয়েই ভাল লাগি যায়

    ReplyDelete
  11. হঠাৎ মনত পৰিল কবিতটোলৈ। বিচাৰি এবাৰ পঢ়িলো।ভাল লগিল।

    ReplyDelete
  12. মই ভালপোৱা কবিতাৰ ভিতৰত অন্যতমধুনীয়া কবিতা

    ReplyDelete
  13. অতি সুন্দৰ, মই বৰ ভাল পাইছোঁ। আপোনাক অশেষ ধন্যবাদ এই পেজটো আগবঢ়াই দিয়াৰ বাবে। সকলোৱে আঁকোৱালি লওক

    ReplyDelete
  14. ইমান সত্য, বাস্তৱ পৃথিৱীৰ প্ৰকৃত স্বৰূপ কবিতাৰ আকাৰত সৃষ্ট এই কবিতাই অনুভূতি পূৰ্ণ সজাগতা ৰে জগাই দিলে পাঠকক... কি সুন্দৰ সৃষ্টি !

    ReplyDelete