Thursday 16 June 2016

ভাল পাঁও

ভাল পাঁও আকাশৰ মেঘৰ ধেমালী,
বেলিৰ লগত থাকে লুকা ভাকু খেলি
ভাল পাঁও পথাৰৰ ৰং সেউজীয়া,
ধাননি কঁপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতীৰ কোমল ৰ’দালি,
দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি।

ভাল পাঁও মাক মোৰ অতি মৰমৰ,
মোৰ বাবে যাৰ নাই চিন ভাগৰৰ।
ভাল পাঁও দেউতাৰ স্নেহ সনা মুখ
মোৰ বাবে তেও সহে কিমান যে দুখ।
ভাল পাঁও সমনীয়া লগৰীয়া বোৰ,
যাৰ বাবে নাই কাম আৰু ধেমালীৰ ওৰ।
ভাল পাঁও মোৰ দেশ যত উপজিলোঁ,
য’ৰ ধূলি মাটিৰেই জীৱন গঢ়িলোঁ।
ভাল পোৱা বস্তু ভৰা এই যে পৃথিৱী,
কোনেনো স্ৰজিলে বাৰু
,
তাকে থাকোঁ ভাৱি।

বি. দ্ৰ. :- দীপমণি শইকীয়া আৰু তেওৰ বন্ধুসকললৈ ধন্যবাদেৰে

17 comments:

  1. সুন্দৰ সংগ্ৰহ। প্ৰশংসনীয়।

    ReplyDelete
  2. নষ্টালজিক হৈ পৰিলো

    ReplyDelete
  3. কবিজনৰ নামটো পাহৰিছো , জনাব নেকি ?

    ReplyDelete
    Replies
    1. আমিও নিশ্চিত নহয় বাবে দিয়া হোৱা নাই

      Delete
    2. এই কবিতাটোৰ কবি নৱকান্ত বৰুৱা।

      Delete
  4. ভাল লাগিল । পুৰণি কবিতা ।

    ReplyDelete
  5. কবি....কোন
    বহুত ভাল লাগিল....
    মই আবৃতি কৰিব বিছাৰো...🤔 কিন্তু কবিৰ নাম নাজানো😥😥😥

    ReplyDelete
    Replies
    1. কবি = নৱকান্ত বৰুৱা।

      Delete
  6. কবি ককা নীলমনি ফুকন

    ReplyDelete
  7. কবিতাটো পঢ়ি ভাল লাগিলVisit Assam Career

    ReplyDelete
  8. দাদা ২০০০ চনৰ প্ৰথম শ্ৰণীৰ কিতাপ সংগ্ৰহ কৰে যেন।

    ReplyDelete
    Replies
    1. কিতাপখনৰ পৃ‍ষ্ঠাবোৰৰ ফটো তুলি কোনোবাই দিব পাৰিব নেকি?

      Delete
  9. আজিও মুখস্থ আছে কবিতাটি ।

    ReplyDelete
  10. ভাল লাগিল ।। পুৰণি কবিতাৰ ৰস সুকীয়া সদায়

    ReplyDelete
  11. কোনোৱে কবিতাটোৰ মূল ভাৱ কব পাৰিবা নেকি

    ReplyDelete