Friday 21 November 2014

দুটি মানুহ

এটি ঘৰত দুটি মাথোন দুটি মানুহ ধৰে;
এটি খেলে লুকাই সপোন, এটি জলি মৰে।

এটি হাঁহে তৰাৰ মুখত ফুলৰ গন্ধ টানি,
এটি কান্দে ধৰাৰ বুকত কূলৰ বন্ধ মানি।
এটি আহে প্ৰিয়ৰ ৰূপত চুচুক্ চামাক্ কৰি ;
ইটি থাকে ৰুদ্ধ ঘৰত শূণ্য শয়ন ভৰি!
এটি মুক্ত ! শিশুৰ প্ৰাণত নাচে আকাশ জুৰি;
ইটি যুক্ত আপোন কামত মৰে ডেই পুৰি!
এটি স্তব্ধ গিৰি-গুহা-সৰিৎ-সাগৰ জিনি;
এটি ক্ষুব্ধ ঘুৰি নাপাই ক'তো চিনি!
এটি লৰে বহু বেশে ভঙ্গা-গঢ়াৰ তালে তালে;
ইটি মৰে দেশে দেশে ক্ষণে ক্ষণে কালে কালে।

No comments:

Post a Comment