Friday 21 November 2014

লুকাই লুকাই

এই তো সদায় চকুৰ আঁৰত
মহা নীলাম্বৰৰ আগত
    লুকাই লুকাই খেলিছা,
এই তো সদায় সূৰ্য্য-চন্দ্ৰ
দুটি চকু বীত-তন্দ্ৰ
    পোনাই বেঁকাই মিলিছা;

    আহা, লুকাই লুকাই খেলিছা।
এই তো বা-ৰিব্  বায়ুত চ'তৰ
হোলিৰ ফাকু পুঞ্জ ফুলৰ
    উৰাই ঘুৰাই মাৰিছা;
এইটো বৰ্ষা  ঋতুৰ সোঁতত
ধৰাত হৰ্ষ চকুৰ লোতক
    উটাই বুৰাই ঢালিছা
    আহা, লুকাই লুকাই খেলিছা
এই তো প্ৰিয়ৰ ৰূপৰ দ্বাৰত
চুচুক্ -চামাক্ হৰ্ষ লাজত
    ওলাই সোমাই হাঁহিছা;
এই তো লুব্ধ ক্ষুব্ধ প্ৰাণৰ
আঁচল টানি বিৰহ গানৰ
    ঘনাই চিকুট মাৰিছা,
       আহা, লুকাই লুকাই খেলিছা।

No comments:

Post a Comment