Friday 21 November 2014

প্ৰকাশ-বাধা

প্ৰকাশ পাইছে চন্দ্ৰ-সূৰ্য্য,
প্ৰকাশ পাঈছে বনৰ ফুল;
ই জীৱনৰ কিয় গোপন গুহ্য,
জীৱনৰ ই কি ঘটিল ভুল?

প্ৰকাশ পাইছে কোকিল -কণ্ঠ
শত বসন্ত ব্যাকুল কৰি,
ই  জীৱন কিয় হতাশ বন্ধ
ৰুদ্ধ-কণ্ঠ গুমৰি মৰি?
প্ৰকাশ পাইছে সুদূৰ সন্ধ্যা
আপোন প্ৰকাশ পাহৰোঁ বুলি
প্ৰকাশ পাইছে দ্যুলোক ভূলোক
অপ্ৰকাশ প্ৰকাশ কৰি;
এইনো জীৱনে নাপাব আলোক,
নাপাব প্ৰকাশ জীৱন ধৰি!

No comments:

Post a Comment