Friday 21 November 2014

গোলাপৰ কথা

আছিলো এদিন নিঃস্ব মৰুৰ দেশত;
বিশ্বত নাছিল ঠাই, অকলশৰীয়া,
শোভাহীন কোনে চাই। প্ৰেমিক পথিক
কবি, বাট হেৰুৱাই, পালে হেৰা আহি;
উদ্ঘাটিলে শোভা মোৰ, নিজ অনুৰাগে

কৰিলে ৰাঙ্গলী, অশ্ৰু সানি আৰু মোৰ
চৰালে-সুৰভি; কৰিলে সুষমা-ময়
প্ৰেমময় কবি।তাতেহে ভোমোৰা আহি
যুঁজি সমীৰেৰে, উড়িছে কাণত মোৰ
গুঞ্জৰি প্ৰণয়। দিন লেখি দুৰ্দ্দিনৰ
কাঁইটেৰে আছিলো যে চিৰ ম্ৰিয়মান;
দুখ নাই এবে, মানুহৰ প্ৰেমে মোৰ
কৰিলে সাৰ্থক এই কণ্টক-জীৱন।

No comments:

Post a Comment