Wednesday 24 December 2014

চন্দনগিৰি

স্বৰ্গৰ জখলা এই পুণ্য গিৰিবৰ
নিৰ্মিলে কি সুকৌশলে  বিশ্বখনিকৰ
সৌন্দৰ্য্য ৰূপৰাশি,  কৰুণাৰ প্ৰভা,
প্ৰেমৰ পৱিত্ৰ ৰাগ, সম্ভোগৰ সুখ,
আৰু এক আবেগৰ পুণ্য আকৰ্ষণ,
সকলো সমানে সানি স্ৰজিলে মৰ্ত্যত
পঞ্চামৃত লাড়ু এই অৰণ্য মন্দিৰে ।

চন্দনগিৰিৰ  নাম অগৰু চন্দনে
ৰাখিছে উজ্জ্বল কৰি এই পৃথিৱীত ;
আৰু তাৰ অনুপম ৰূপ মনোহৰ
বখানিছে চিৰকাল দেৱতা কিন্নৰে ।
যোগী, ঋষি, মুনি আৰু তাপস কুমাৰ,
বিমোহিত নৰলোক ৰূপলীলা চাই !
ইয়াৰে সৌন্দৰ্য্য-সোঁত ৰৈ বৈ গৈ
ভৈয়ামত প্ৰতিভাত হয় মাজে মাজে ।
যিফালে ঘুৰাওঁ চকু, তাতে ৰৈ যায় ।
নপলায় তৃপ্তি হাঁয়, হেঁপাহ হিয়াৰ,
চাওঁমানে বাঢ়ি যায়, পাহৰো সংসাৰ !
পৱিত্ৰ কুণ্ডৰ জল অতি নিৰ্মল,
পুণ্য দাপোনৰ প্ৰায় পতা আছে কেনে !
বাহিৰৰ সৌন্দৰ্য্যৰ প্ৰতিবিম্ব তাত
হাঁহিছে, নাচিছে, হায়, আপোনতে চাই ।

No comments:

Post a Comment