Wednesday 24 December 2014

প্ৰথম মিলন

প্ৰথম মিলন দিন, পোনে দেখা দেখি,
সঙ্কুচিতা অৰ্ধাঙ্গিনী অৰ্ধাঙ্গৰ পাশে ।
পাহৰিলে পূৰ্বভাৱ, একাঙ্গ যেতিয়া
কোনোবা যুগত । মায়াৰ ঢাকোনে আৰু
ধৰে নিলগাই, নিচিনা ভাবৰ কালে ।
নেচাওঁ যেতিয়া হায়, মুখলৈ মোৰ
একেথৰে থাকে চাই হেঁপাহ চকুৰে ;
চকুত পৰিলে চকু, কৰে তলমূৰ,
ধৰা-পৰা চমকনি খাই । এটি হাত
আদৰেৰে চপাই বুকুত, সোঁধো কিবা,
আবেঘ উগাৰি উঠে । নেমাতি উত্তৰ
দিয়ে কপালৰ ঘামে ।

No comments:

Post a Comment