Wednesday 24 December 2014

বাগ্দেৱী বন্দনা

নাজানো পূজাৰ বিধি, বন্দনাৰ ৰীতি;
বীণাপাণি, বাগ্দেৱী, চৰণ তোমাৰ
কি ৰূপে পূজিম, হায় বন্দিম কিমতে ?
বজোৱা অনন্ত কাল সঞ্জীৱনী বীণা ;
গহীণ জোঁকাৰে তাত কঁপাই বননি,
সৰায় কতনা ফুল কবি-ফুলনিত ॥

সুৰ-বুজা আদি গুৰু স্বৰ্গী কবিগণে
সুৰ-সূতা বাছি লৈ গাঁথিলে কতনা
সঞ্জীৱনী মালা । অনুপম শোভা তাৰ;
জিলিকে চৌপাশে আহা কাব্য কাননত
সি দীপ্তিৰ প্ৰভাৱত হৈ দীপ্তিমান
আদ্য কবি সৱে, গুৰু পদ অনুসৰি,
ৰচিলে কতনা আৰু দিপ্তীময়ী মালা,
মনে-বাছা ছন্দে বান্ধি। হাঁহি মাতৃভাষা
উলাহত আজি পিন্ধি পুত্ৰে ৰচা হাৰ ।
গুনৱন্ত পুত্ৰ-যশ বীণাৰ সুৰত
গইছে বিয়াপি, আহা, ভাৰস্তক জুৰি
মলয়ৰ বোকোচাত উঠি; হিমালয়
যশ-ছুড়া জিলিকিছে কুমাৰিকালৈ ।
অমৰ সিসৱ নাম, আছল চিৰকাল,
আছে মানে পৃথিৱীত চন্দ্ৰ দিবাকৰ ।
নুবুজে বীণাৰ সুৰ, মুৰুখ সন্তান,
নকঁপে ফুল  ঠাৰি, নেসৰে এপাহি
বাজী ফুল অভাগাৰ কল্পনা চকুত ।

No comments:

Post a Comment