Friday 26 December 2014

চিৰ বিদ্ৰোহী

কবিঃ- জ্যোতিপ্ৰসাদ  আগৰৱালা

উষাৰ কোলাত গৈ
    উচুপি বিনায়
        পোহৰত মাৰ যায়
            জানো জানো তাৰ
                গানো বিফলে নেযায় ।



ৰূপান্তৰৰ মই
যুগান্তৰৰ মই
ভাৰতৰ
জগতৰ
    বিদ্ৰোহী বীৰ্য্য
    বিপ্লৱে বিপ্লৱে
        বিজুলী-বজ্ৰ হানি
        সুঘোষিত কৰি যাঁও  অগ্নি-তূৰ্য্য।

কালান্তৰৰ যি
ৰূপান্তৰৰ সি
    যুগমীয়া সত্য
        সিযেহে গুপ্ত অনিত্য
            সেই ব্যাপ্ত বিজুলীৰে
                গঢ়ি লও আগ্নেয় অস্ত্ৰ,

অম্বৰ ফালি-চিৰি
দিগম্বৰ
    যোগী মই
    যুগে যুগে
        পিন্ধো মাথোঁ উপযোগী
            নৱ নৱ যুগ বস্ত্ৰ  ।

মহাকালে নাচে যি
    সৃষ্টি-স্থিতি প্ৰলয়ৰ
        মধু মৃদু শান্ত প্ৰশান্ত
            উৎকট তাণ্ডৱ ভঙ্গ,

সেই কাল-বাজনাৰ
    ময়েই প্ৰধান ওজা
        পৰিতাল ব্ৰহ্মতাল
            ৰুদ্ৰতাল
            তাল ৰূপ  গন্ধ ।

দ্ৰুত বিলম্বিত লয়ে
    মাৰণ উছাটন
    মন্ত্ৰ ফুকাৰি ময়ে
    বাই যাও বিশ্ব মৃদংগ

আবৰ্ত্তন
    বিৱৰ্ত্তন  সংবৰ্ত্তন
        পৰিবৰ্তনৰ
            ময়ে
            দ্ৰুতগামী    
                কাল ৰথচক্ৰ,

পোষিত
    নিষ্পেষিত
        কৰি আগবাঢ়ি  যাওঁ
            আলোকৰ বাটে বাটে
                সুসংযত
                    গতিৰে অবক্ৰ ।

নৱ নৱ প্ৰপঞ্চৰ
    সনাতন ইচ্ছা মই
        শুভেচ্ছাৰ পোহৰেৰে
            জগত জ্বলাও,

হুতাশন ৰূপে মই
    পুৰণি খাণ্ডৱ দহি
        নৱ নৱ
            সৃষ্টিৰ
                পাতনি পেলাওঁ ।

ফুলতো কুমলীয়া
    শিলতো কঠোৰ মোৰ
        তপ্ত হৃদযন্ত্ৰ,

ৰূপান্তৰেহে মাথোঁ
    জগত ধুনীয়া কৰে
        নহয়  মোৰ
            গায়ত্ৰী-মন্ত্ৰ ।

চিৰ উদাসীন মই
    সংসাৰৰ ঘৰে ঘৰে
        থাকোঁ হৈ
            সকলোতে মত্ত,

কালৰ মন্ত্ৰ শুনি
    নিমিষতে
        ভাঙি-ফালি
            মোহ মায়া ব্যুহ
                হুহুঙ্কাৰে নাচো মই
                    উলঙ্গ উন্মত্ত ।

আগ্নেয়গিৰি ফুটি
    জ্বলন্ত জ্বালাময়
        অগ্নিবৃষ্টিৰূপে পৰো
            জগতত ;

ৰজাৰ কাৰেং উৰে
    ভিকহুৰো ঘৰ পোৰে
        লেলিহান জুই জ্বলে
            মোৰ এই অগ্নি নৃত্যত ।

অৰ্ব্বদ নিযুত প্ৰাণী
    জহি জহি
        যায় গচকত
            মোৰ দলদোপ খচকত ।

অখণ্ড যাত্ৰা সোঁত
    শ্বাশ্বত অগ্নি-প্ৰদীপ মুৰ্ত্তিমান
        চিৰ কল্যাণ ।

মোৰ তাপ-উমেৰেই
    জীৱনৰ হাঁহিটি ফুলাওঁ ।
    পোহৰৰ বাট দেখুৱাওঁ  ।


নৱ সৃষ্টিৰ বাবে পুৰণিক দেই পুৰি যাওঁ
    অতীতক আঁতৰাই ভৱিষ্যক গঢ়ো ঁ
        ময়ে শক্তিমান,
    অনাদি অনন্ত ব্যাপি
        ময়েই মাত্ৰ আছো
            চিৰ বৰ্ত্তমান ।

No comments:

Post a Comment