Friday 26 December 2014

বীণ ব'ৰাগী

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

আঙুলি বুলাব জনা হ'লে আজি
    পেলালোহেঁতেন টানি,
হিমালয় চূড়া বোলালোহেঁতেন
    উছলি কলীয়া পানী ।


আকাশৰ তৰা নমালোহেঁতেন
    থপিয়াই লাখে লাখে,
জোন বেলি গ্ৰহ পেলালোহেঁতেন
    দলিয়াই জাকে জাকে ।

পাপৰ মজিয়া নিয়ালোহেঁতেন
    অঠাই সাগৰৰ তল ।
ব্ৰহ্মাণ্ডে চিন থাকিলেহেঁতেন
    মাঁথো সমুদ্ৰৰ জল ।

No comments:

Post a Comment