Friday 26 December 2014

প্ৰকৃতি

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা



ফুল-কলি ফুলি গোন্ধ    বোৱাই প্ৰীতিৰ সোঁত
    সৰি পাছে  নাইকিয়া হ'ল ;
সি ফুলৰ মউ পিয়া    এটি ভোমোৰা বলিয়া
    ঘূৰি ঘুৰি ফুৰিছে অকল ।


উড়ি ফুৰি বেজাৰৰ    হৃদয়-ৰাগিণী তাৰ
    বৰষি যে সিও গুচি গ'ল ;
ক'ৰ কোন্ কিবা হ'ল     চিন-স্মৃতি পমি গ'ল
    প্ৰকৃতি যে তেনেকৈয়ে ৰ'ল ।

4 comments: