Friday 26 December 2014

সংশয় ৰহস্য

কবিঃ- চন্দ্ৰ কুমাৰ আগৰৱালা

শুকুলা হাতীত উঠি গোঁসায়ে দেখিলোঁ
                এন্ধাৰত দিলেহি পোহৰ মেলি ;
বিৰাট ক'লীয়া এটা দানৱ  লৰি আহি
                পাতিলেহি ঘূৰি এন্ধাৰ বেমেলি ।
হাঁহি সাগৰত উঠি বেজাৰ ধুমুহা
               বুৰালে সহস্ৰ জীৱন-তৰণী,
ওফন্দি বিৰহ হ্ৰদ ক'লীয়া পানীৰ
               প্ৰণয়ৰ বান্ধ দিলেহি ভাঙি ।


এন্ধাৰ পোহৰে আৰু মৰম বেজাৰে
              সুখে-দুখে সানমিহলিৰ খেল ;
ইটো যায়  লগে লগে প্ৰাণ নিয়ে টানি
              সিটো আহে আনে ধেমালিৰ  মেল ।
ভঙা-গঢ়া, সজা পতা, হৰা জিকা যুঁজ
             দিনে ৰাতি হাঁহি কান্দোনৰ ৰোল ।
সঁচা মিছা কিনো, ধৰিম এৰিম কাক ?
            সকলো বিষম ভ্ৰমৰ ঘোৰ ।

No comments:

Post a Comment