Saturday 31 October 2015

সৰু বস্তু



এটোপ এটোপ কৰি

ডাৱৰৰ পানী পৰি

ভৰি লবহল সাগৰ,

কণকণ বালি চাঁহী

ইটে সিটে লগ লাগি

সাজি দিলে ধৰণী ডাঙৰ



পল অনুপল কৰি

ডাঁৰ দিন মাহ চৰি

যুগ যুগ পাৰ হৈ যায়,

এটি দুটি কৰি গঁথা

মৰমৰ মাত কথা

জগতক সৰগ কৰায়



অকল সুখেৰে ভৰা

নহয় জানিবা ধৰা

দুখো আছে সুখৰ লগত,

এটি মাথোঁ হাঁহি সৰি

জগত পোহৰ কৰি

সুখে ভৰা কৰিছে মৰত


7 comments:

  1. Replies
    1. কবিজনৰ নাম কি আছিল ? মনত পেলাই দিয়কচোন ৷

      Delete
    2. বিনন্দ চন্দ্ৰ বৰুৱা

      Delete
    3. Ananda chandar আগৰৱালা

      Delete
  2. নৱকান্ত বৰুৱাৰ সম্পাদিত 'মৰুৱা ফুল' ত থকা বিনন্দ বৰুৱাৰ কবিতাটোৰ ভাৱ একে কিন্ত্ত শব্দৰ মিল নাই ;চাবচোন

    ReplyDelete
  3. কবিতাটোৰ কবিজনৰ নাম আনন্দ চন্দ্ৰ আগৰৱালা

    ReplyDelete
  4. মূলভাৱ হিচাপে অলপ দিবচোন

    ReplyDelete