কবিঃ- ইন্দ্ৰেশ্বৰ
বৰঠাকুৰ
কৃপাময়ী!
তোমাৰ কৰুণাধাৰি কেনে শান্তিময়!
পিতাই পুত্ৰৰ স্নেহ দিয়ে বিসর্জন,
প্ৰেম সুখ জলাঞ্জলি দিয়ে দম্পতিয়ে
ভায়ে ভায়ে কটাকটি ; তিলোত্তমা তুমি ।
আক্ৰোশৰ হোত্রীদলে বেদীত তোমাৰ
কতনা নিৰীহ প্ৰাণ পূৰ্ণাহুতি দিয়ে।