Showing posts with label ৰত্নকান্ত বৰকাকতী. Show all posts
Showing posts with label ৰত্নকান্ত বৰকাকতী. Show all posts

Sunday, 20 September 2015

মহাপুৰুষ


আমাৰ দুজন মহাপুৰুষ

দুজন মাথোঁ হেৰা,

এজন সূৰ্য, এজন চন্দ্ৰ

অসম পোহৰ কৰা।


সূৰ্য শঙ্কৰ চন্দ্ৰ মাধৱ

হৃদয় উজ্জ্বল কৰে,

এটিৰ প্ৰভাত দুটি জ্বলে

আমাৰ ঘৰে ঘৰে!

 

Friday, 5 December 2014

মহাত্মা

জীৱন্ত কবিতা তুমি আপুনি মহাত্মা!
                         কবিতা কি? সিযে ক্ষীণ ধ্বনি হৃদয়ৰ,
মহাত্মা বিচাৰি ঘূৰি ফুৰে ত্ৰিভূৱন
                       মৰ্ত্য পিপাসাৰে, আকুল ব্যাকুল হই
কবিৰ প্ৰাণত !

Friday, 21 November 2014

লুকাই লুকাই

এই তো সদায় চকুৰ আঁৰত
মহা নীলাম্বৰৰ আগত
    লুকাই লুকাই খেলিছা,
এই তো সদায় সূৰ্য্য-চন্দ্ৰ
দুটি চকু বীত-তন্দ্ৰ
    পোনাই বেঁকাই মিলিছা;

দুটি মানুহ

এটি ঘৰত দুটি মাথোন দুটি মানুহ ধৰে;
এটি খেলে লুকাই সপোন, এটি জলি মৰে।

প্ৰকাশ-বাধা

প্ৰকাশ পাইছে চন্দ্ৰ-সূৰ্য্য,
প্ৰকাশ পাঈছে বনৰ ফুল;
ই জীৱনৰ কিয় গোপন গুহ্য,
জীৱনৰ ই কি ঘটিল ভুল?

গোলাপৰ কথা

আছিলো এদিন নিঃস্ব মৰুৰ দেশত;
বিশ্বত নাছিল ঠাই, অকলশৰীয়া,
শোভাহীন কোনে চাই। প্ৰেমিক পথিক
কবি, বাট হেৰুৱাই, পালে হেৰা আহি;
উদ্ঘাটিলে শোভা মোৰ, নিজ অনুৰাগে

বিশ্বহৰণ

তেতিয়া যদিও নাছিলা তুমি
    ৰূপৰে চমকে চমকাই চকু
আছিল তেতিয়া
    সুন্দৰ মোৰ
জোন-বেলি-তৰাই
    জুৰাই বুকু।

মোৰ পূজা

তোমালোকে তেল পুৰি
    শলাগছি দিয়া
        প্ৰদীপ পূজাৰ
মই জালোঁ শিহা পুৰি
    ৰাঙলী হিয়াৰ
        অগ্নি অনিৰ্বাৰ
সেয়ে মোৰ প্ৰদীপ পূজাৰ।

তুমি


তুমি কি প্ৰিয়
    নুবোজো কিয়
        নোৱাৰি ধৰিব
            লুকুৱা কেনি


তুমি কি মেঘৰ
    বিজুলী লহৰ
        সাগৰ-ঢৌ
            ফুলৰ ঘ্ৰাণ,
                কুলুৰ ধ্বনি?

বিশ্ব-হৰণ

তেতিয়া যদিও নাছিলা তুমি
ৰূপৰ চমকে চমকাই চকু |
আছিল তেতিয়া
সুন্দৰ মোৰ
জোন-বেলি তৰাই
জুৰাই বুকু |