পুৰণি অসমীয়া কবিতা
Pages
Home
সহায়
Showing posts with label
ধনাই বৰা
.
Show all posts
Showing posts with label
ধনাই বৰা
.
Show all posts
Monday, 30 May 2016
জ্ঞানী ল’ৰা
কবিঃ- ধনাই বৰা
আনৰ অহিত চিন্তা নকৰে যিজন।
নকয় যি অসত্য বা অপ্ৰিয় বচন॥
দোষ এৰি আনৰ যি গুণকহে ধৰে।
নিজৰ দেখিলি দোষ পৰিত্যাগ কৰে॥
Read more »
বেয়া ল’ৰা
কবিঃ- ধনাই বৰা
পিতৃ-মাতৃ আজ্ঞা যিয়ে কৰে উলঙ্ঘন।
ভাল কথা শিকিলেও বেয়ালৈহে মন॥
দুষ্টৰ সঙ্গত কৰে সদায় বসতি।
দিনে দিনে বাঢ়ি যায় কুকৰ্মত মতি॥
Read more »
প্ৰকৃত অমৰ
কবিঃ- ধনাই বৰা
অমৰ সিজন
কৰে যেইজন
সদায় আনৰ হিত।
সত্য কথা কয়
ধৰ্ম পথ লয়,
পাপত নিদিয়ে চিত॥
অন্তৰত যাৰ
নাই অহঙ্কাৰ
নম্ৰভাৱে কথা কয়।
দৰিদ্ৰৰ প্ৰতি
দয়াশীল অতি
কাকো হিংসা নকৰয়॥
Read more »
বিদ্যাধন মহাধন
কবিঃ- ধনাই বৰা
জানা, ল’ৰা কি কাৰণ,
বিদ্যাধন মহাধন?
অন্যধন চোৰে পায়,
অগনিত পুৰি যায়।
ভাই আৰু ভগিণীয়ে,
অংশ কৰি অংশ নিয়ে।
Read more »
Older Posts
Home
Subscribe to:
Posts (Atom)