Showing posts with label কুঁহিপাঠ. Show all posts
Showing posts with label কুঁহিপাঠ. Show all posts

Wednesday, 19 December 2018

ভাল পাওঁ

ভাল পাঁও আকাশৰ মেঘৰ ধেমালি, 
বেলিৰ লগত থাকে লুকাভাকু খেলি।

ভাল পাঁও পথাৰৰ ৰং সেউজীয়া, 
ধাননি কপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতিৰ কোমল ৰ'দালি,
দেখা দিয়া কুঁৱলিৰ বগা জাল ফালি।
ভাল পাঁও মাক মোৰ অতি মৰমৰ, 

ওলট-পালট

এক আছিল বুঢ়া বুঢ়ী

নাছিল সিহঁতৰ ল'ৰা-লুৰি
কথাই কথাই এদিন দুয়োৰে
লাগি গল বৰ হুৰা-হুৰি।

Saturday, 25 June 2016

মৰমৰ আই

কবিঃ আনন্দচন্দ্ৰ আগৰৱালা

কোনে মোক তুলি -তালি কৰিলে ডাঙৰ
মৌসনা মিঠা মাতে পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
-তেঁৱে মোৰ পূজনীয়া মৰমৰ আই৷

Thursday, 16 June 2016

ভাল পাঁও

ভাল পাঁও আকাশৰ মেঘৰ ধেমালী,
বেলিৰ লগত থাকে লুকা ভাকু খেলি
ভাল পাঁও পথাৰৰ ৰং সেউজীয়া,
ধাননি কঁপাই বোৱা বতাহ বলিয়া।
ভাল পাঁও পুৱতীৰ কোমল ৰ’দালি,
দেখা দিয়া কুঁৱলীৰ বগা জাল ফালি।

Sunday, 1 November 2015

জোনবাই

জোনবাই এ- বেজি এটি দিয়া,
বেজী নো কেলৈ- মোনা চিলাবলৈ,
মোনা নো কেলৈ - ধন ভৰাবলৈ,
ধন নো কেলৈ- হাতী কিনিবলৈ ,
হাতী নো কেলৈ - উঠি ফুৰিবলৈ,
হাতীত উঠি পানীৰাম গাঁৱলৈ যায়,
বাটৰ বাটৰুৱাই ঘুৰি ঘুৰি চায়।

Saturday, 31 October 2015

নোৱাৰোঁ



কবিঃ- মঃ চোলেইমান খাঁ

নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ, 
কদাপি নহয় সিটি কথা মানুহৰ, 
এলেহুৱা যিটো হয়, নোৱাৰোঁ সিটোৱে কয়;
তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা? 
এলেহুৱা হৈ কিয় জীৱন ধৰিবা?
ভাল নাম পাবলৈ যদি কৰা মন,
তেনেহ'লে নুবুলিবা নোৱাৰোঁ বচন।
দহজনে পাৰে যিটো,  তুমিও পাৰিবা সিটো ।
হেন জানি সাহ কৰি প্ৰাণ টাকি কৰা,
একেবাৰে নোৱাৰিলে এশবাৰে কৰা। 


সংগ্ৰাহকৰ একাষাৰ:- 
বহুলোকে এই কবিতাটি William Hickson Perseverance or Try Again ৰ অসমীয়া ভাৱানুবাদ বুলি কব খোজে। অৱশ্যে মুলভাবৰ মিল থাকিলেও, মঃ চোলেইমান খাঁই এই কবিতাটিক এক অতি বাস্তৱসন্মত অসমীয়া ৰূপ দিবলৈ সক্ষম হৈছে। বাকীখিনি পাঠকে নিজস্ব বিছাৰৰ বাবে এৰি, হিকচনৰ ইংৰাজী কবিতাটিও তলত দিয়া হ'ল/



Try Again
 
By William Hickson, 

‘Tis a lesson you should heed–
            Try again;
If at first you don’t succeed,
            Try again.
Then your courage should appear;
For if you will persevere,
You will conquer, never fear,
            Try again.

Once or twice though you should fail,
If you would at last prevail,
            Try again.
If we strive, ’tis no disgrace
Though we did not win the race–
What should you do in that case?
            Try again.

If you find your task is hard.
            Try again;
Time will bring you your reward,
            Try again;
All that other folk can do,
Why with patience should not you?
Only keep this rule in view,
            Try again.

ফুল ফুলাৰ কথা



ফুল ফুল
                     নুফুল কিয়?
গৰুৱে যে আগ খায়
                     মইনো ফুলিম কিয়?

কাৰ কি মাত



বাঘ সিংহই গোজৰ মাৰে
পাৰই দিয়ে ৰুণ,
ভোমোৰা আৰু মৌ-মাখিয়ে
কৰে গুণ্ গুণ্

আমাৰ গাঁও

শুৱনি আমাৰ গাঁওখন অতি

শুৱনি গছেৰে ভৰা,

ডাল ভৰি ভৰি ফল ফুল লাগে

কত পাওঁ তলসৰা।

 

শুৱনি আমাৰ ধাননি পথাৰ

ধানেৰে উপচি পৰে,

শুৱনি নদীৰ পানী ভৰা ঘাট

মুদৈয়ে বেপাৰ কৰে।

 

চালত কোমোৰা লাও জিকা ভোল

ভঁৰালত জহা ধান,

গোহালিত গৰু পুখুৰীত মাছ

বাৰীত তামোল-পাণ।

 

গছৰ ডালত শুৱনি চৰাই

শুৱলা সঙ্গীত গায়,

শাকনিত শাক ফুলনিত ফুল

দেখিলে হিয়া জুৰায়।

 

ঘৰে ঘৰে ৰং-ধেমালিৰ হাট

ঘৰে ঘৰে হাঁহি মুখ,

ঘৰে ঘৰে ভাল চেনেহা চেনেহি

ঘৰে ঘৰে দেখোঁ সুখ।

 

ভাওনা সবাহ গীত ভাল পোৱা

মধুৰ মুৰুলী তান,

দহোটাৰ কাম একেজনে কৰা

চহাৰ সৰল প্রাণ।